
জম্মু, ১১ এপ্ৰিল (হি.স.)। জম্মু–কাশ্মীৰৰ সীমান্ত আৰক্ষী আউটপোষ্ট চাই ছেক্টৰ আৰ্নিয়াৰ অধীনস্থ গাৰোৰে নাল্লাৰ ওচৰৰ শনিবাৰে পুৱা প্ৰায় ৬:৫৫ বজাত ছাৰ্দাৰী ক্ৰীড়া খেলপথাৰত সন্দেহজনক পাকিস্তানী বেলুন দেখাৰ তথ্য আৰক্ষীয়ে লাভ কৰে। ততাতৈয়াকৈ সীমান্ত আৰক্ষী আউটপোষ্ট ছাইৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো নিৰাপদ কৰি লয়। জব্দ কৰে সেউজীয়া আৰু বগা বেলুনটো।
উদ্ধাৰ হোৱা বস্তুটো অধিক তদন্ত আৰু প্ৰতিষ্ঠিত পদ্ধতি অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সীমান্ত আৰক্ষী আউটপোষ্ট চাইত ৰখা হৈছে। বস্তুটোৰ উৎস আৰু উদ্দেশ্য নিৰ্ণয়ৰ বাবে অধিক তদন্ত অব্যাহত আছে।
বিষয়াসকলে কয় যে আৰক্ষী সজাগ আৰু যিকোনো সন্দেহজনক বস্তু বা কাৰ্যকলাপৰ বিষয়ে নিকটৱৰ্তী থানাত অৱগত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া