দেৰগাঁৱৰ ৰাঙলীটিঙ স্থিত এটা বিষ্কুট উদ্যোগৰ আৱৰ্জনা ভক্ষণ কৰি মৃত্যু হ'ল বহুকেইটা পশুধনৰ
গোলাঘাট, ১১ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ ৰাঙলীটিঙ স্থিত এটা উদ্যোগে বিপদত পেলাইছে এটা অঞ্চলৰ জনতাক । এটা বিষ্কুটৰ উদ্যোগৰ আৱৰ্জনা ভক্ষণ কৰি মৃত্যু হ''ল বহুকেইটা পশুধনৰ । জিএমকে ফুড নামৰ ৰঙামাটিস্থিত এটা বিস্কুত উদ্যোগৰ আৱৰ্জনা পেলাই দিয়ে কৃষিভূমিৰ লগ
দেৰগাঁৱৰ ৰাঙলীটিঙ স্থিত এটা বিষ্কুট উদ্যোগৰ আৱৰ্জনা ভক্ষণ কৰি মৃত্যু হ'ল বহুকেইটা পশুধনৰ


গোলাঘাট, ১১ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ ৰাঙলীটিঙ স্থিত এটা উদ্যোগে বিপদত পেলাইছে এটা অঞ্চলৰ জনতাক । এটা বিষ্কুটৰ উদ্যোগৰ আৱৰ্জনা ভক্ষণ কৰি মৃত্যু হ'ল বহুকেইটা পশুধনৰ । জিএমকে ফুড নামৰ ৰঙামাটিস্থিত এটা বিস্কুত উদ্যোগৰ আৱৰ্জনা পেলাই দিয়ে কৃষিভূমিৰ লগতে পথৰ কাষত ।

সেই আবৰ্জনা ভক্ষন কৰে অঞ্চলটোৰ পশুধন সমূহে। ইতিমধ্যে ৰাঙলীটিঙ অঞ্চলৰ ১২ টা পশুধনৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ আছে কেইবাটাও পশুধন। উদ্যোগটোৰ স্বত্বাধিকাৰ গৰাকী গুৰত্ব দিয়া নাই ৰাইজৰ সমস্যাক ।

মৃত্যু হোৱা পশুধনৰ ক্ষতিপূৰণ দাবী স্থানীয় জনতাৰ। অন্যথা বিস্কুতৰ উদ্যোগ বন্ধ কৰাৰ হুংকাৰ ক্ষোভিত ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande