
গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ ১৬ সংখ্যক খেলখন আজি অৰ্থাৎ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ দুৰ্দান্ত ফৰ্মত থকা দুটা দল ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই খেলখন অনুষ্ঠিত হ’ব ৷ সন্ধিয়া ৭.৩০ বজাৰ পৰা খেল আৰম্ভ হ’ব ৷ ক্ৰমাগতভাৱে চতুৰ্থখন মেচত জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ। ইতিমধ্যে প্ৰথম তিনিখন মেচত জয়ী হৈ প্ৰৱল আত্মবিশ্বাসী হৈ আছে ৰিয়ান পৰাগ বাহিনী। অৱশ্যে খেলখনত প্ৰতিকূল বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
এই পৰ্যন্ত তিনিওখন মেচতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ । ৰাজস্থানে ইতিমধ্যে চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিছে ।
আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু চেন্নাইৰ বিৰুদ্ধে একেৰাহে দুখনকৈ খেলত জয়লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আইপিএলত আধিপত্য অব্যাহত আছে ৷ উল্লেখ্য, গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা দুয়োখন মেচতে জয়ী হৈছে ৰাজস্থান ৰয়েলছ। যশস্বী জয়ছোৱাল আৰু ৱৈভৱ সূৰ্যবংশীৰ অপেনিং যুটিয়ে আৰম্ভণিৰে পৰা বলাৰৰ বিৰুদ্ধে প্ৰভাৱশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। ইফালে সকলোৰে চকু থাকিব কিং কোহলীৰ ওপৰত। গুৱাহাটীত কোহলীয়ে এটা ডাঙৰ ইনিংছ খেলবলৈ চেষ্টা চলাব। কোহলীৰ লগতে আৰচিবিৰ ফিল ছল্ট আছে দুৰ্দান্ত ফৰ্ম। সেইবাবে আজি খেলখন যথেষ্ট উত্তেজনাপূৰ্ণ হ’ব বুলি আশা ৰখা হৈছে।
দুয়োটা দলৰ মুখামুখি
এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ৩৪ খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ১৭ খন খেলত আৰচিবিয়ে জয়লাভ কৰাৰ বিপৰীতে ১৪ খন খেলত পৰাজয়ৰ সন্মুখীন হৈছে ৷ আনহাতে, তিনিখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে ৷
২০২৩ চনৰ পৰা দুয়োটা দলৰ মাজত অনুষ্ঠিত ৬ খন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে আৰচিবিয়ে ।
দুয়োটা দলৰ সদস্যসকল––
ৰাজস্থান ৰয়েলছ
ৰিয়ান পৰাগ(অধিনায়ক), ধ্ৰুৱ জুৰেল, ড’নভান ফেৰেইৰা, লুয়ান-ড্ৰে প্ৰিট’ৰিয়াছ, ৰবি সিং, অমন পেৰালা, শ্বিমৰন হেটমায়াৰ, শুভম দুবে, বৈভৱ সূৰ্যবংশী, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাদেজা, দছুন শনাকা, এডাম মিলনে, ব্রিজেশ শৰ্মা, জোফ্ৰা আৰ্চাৰ, কুলদীপ সেন, কুৱেনা ম্ফাকা, নন্দ্ৰে বাৰ্গাৰ, ৰবি বিষ্ণৈই আৰু সন্দীপ শৰ্মা ।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
ৰজত পাতিদাৰ(অধিনায়ক), টিম ডেভিদ, বিৰাট কোহলী, দেৱদত্ত পডিক্কাল, ফিলিপ ছল্ট, জিতেশ শৰ্মা, জেকব বেথেল, ক্ৰুণাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, অভিনন্দন সিং, জোছ হেজলউড, ৰশিখ চালাম দাৰ, ভূৱনেশ্বৰ কুমাৰ, সুৱাশ শৰ্মা, স্বপ্নিল সিং, নুৱান থুছাৰা, ভেংকটেশ আয়াৰ, জেকব ডাফী, জৰ্ডান কক্স, ভিকি অষ্টৱাল, বিহান মালহোত্ৰা, কনিষ্ক চৌহান, মংগেশ যাদৱ আৰু সাত্বিক দেশৱাল ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া