
ডিব্ৰুগড়, ১০ এপ্ৰিল (হি.স.)। অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি শুকুৰবাৰে ঘোষণা হয়। পুৱা ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাখনতো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । এইবাৰ ৰাজ্যৰ ভিতৰতে তৃতীয়স্থান লাভ কৰি উত্তীৰ্ণ হয় ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জিয়া ফাৰা ইছলাম নামৰ ছাত্ৰী গৰাকী ।
ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ নিবাসী চাদেকুল ইছলাম আৰু জেছমিন বেগমৰ একমাত্ৰ কন্যা হৈছে জিয়া ফাৰা । ৰাজ্যখনৰ ভিতৰতে এই স্থান লাভ কৰাৰ পিছতেই লিটল ফ্লাৱাৰ স্কুলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ফলাফল ঘোষণাৰ পাছত ছাত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভিন্নজনে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জনায় । ছাত্ৰীগৰাকীৰ এই সফলতাৰ পাছতে বিদ্যালয়ৰ অধ্যক্ষই কয়, আজি বহুত সুখী আমাৰ ছাত্ৰী জিয়া ফাৰাৰ ৰিজাল্টক লৈ । তেওঁ এই স্থান পোৱাৰ যোগ্য । তেওঁ এগৰাকী ভাল ছাত্ৰী আৰু খুব নিয়মানুৱৰ্তী ।
মেধাৱী ছাত্ৰী জিয়া ফাৰা ইছলামৰ এই সফলতাত আনন্দিত পিতৃ-মাতৃৰ লগতে ডিব্ৰুগড়বাসী । কন্যাৰ সফলতাৰ পাছত পিতৃ চাদেকুল ইছলামে কয়, আজি আমাৰ বাবে এটা ভাললগা দিন । তেওঁ সৰুৰে পৰা পঢ়াৰ প্ৰতি আগ্ৰহী আছিল । পঢ়াৰ এটা পৰিৱেশ আমি তেওঁক দিবলৈ চেষ্টা কৰিছিলোঁ । বিদ্যালয়খনে তেওঁক সকলো ধৰণৰ শিক্ষা দি আগবঢ়াই নিছিল । তেওঁৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষকসকলৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ ।
ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান লাভ কৰি জিয়া ফাৰা ইছলামে কয়, এই ফলাফল লাভ কৰি ভাল লাগিছে । বিশেষকৈ মোৰ পৰিয়াল আৰু বিদ্যালয়ক সুখী কৰিব পাৰিছোঁ, সেইটো মোৰ বাবে ডাঙৰ কথা । মই এটা ভাল ৰিজাল্ট হ'ব বুলি অধ্যয়ন কৰিছিলোঁ । কিন্তু মোৰ পৰিয়াল আৰু বিদ্যালয়ে এনেকুৱা এটা ফলাফল আশা কৰি আছিল ।
তেওঁ লগতে কয়, সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰিছোঁ । মোৰ পৰিয়াল আৰু বিদ্যালয়ৰ প্ৰেৰণা আৰু সহযোগিতাত এই সফলতা সম্ভৱ হৈছে । পৰীক্ষাৰ পূৰ্বে দৈনিক ১৬ ঘণ্টাকৈ অধ্যয়ন কৰিছিলোঁ । ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্যৰে অধ্যায়ন কৰি আছোঁ ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া