
নলবাৰী, ১০ এপ্ৰিল (হি.স.)। অসমত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰা হয় ৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় স্থান লাভ কৰিছে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিৎ আখটাৰে ৷
ৰাজ্য়ৰ ভিতৰতেই তৃতীয় স্থান লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে জিলাখনৰ পূৱ কালাকুছি হাইস্কুলৰ প্ৰধান শিক্ষক চফিকুৰ ৰহমানৰ পুত্ৰ তথা লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিৎ আখটাৰে । সুৰজিৎ আখটাৰে অসমীয়া আৰু উচ্চ গণিতত ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি সাধাৰণ গণিতত ৯৭,সাধাৰণ বিজ্ঞানত ৯৯,সমাজ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
শিক্ষা জীৱনত প্ৰথমটো সাফল্য় লাভ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুৰজিৎ আখটাৰে কয়, এই সাফল্য়ৰ খবৰটো শুনি প্ৰথমতে বিশ্বাসেই হোৱা নাছিল । এনে সাফল্য় লাভ কৰি মোৰ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃৰ লগতে নলবাৰীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।
দৈনিক নিয়মিতভাৱে পঢ়ি এই সাফল্য় অৰ্জন কৰা সুৰজিতৰ ভৱিষ্যতে বিনামূলীয়াকৈ চিকিৎসা কৰাৰ মন আছে । তদুপৰি তেওঁ অসমৰ নামো জিলিকাবলৈ চেষ্টা কৰিব বুলি কয় সুৰজিৎ আখটাৰে । আজৰি সময়ত চিনেমা আৰু গান শুনি ভাল পায় ছাত্র সুৰজিৎ আখটাৰে । উল্লেখ্য় যে স্থান লাভ কৰাৰ পিছতে পূৱ কালাকুছি গাঁৱত ছাত্ৰজনক লগত লৈ এক সমদল বাহিৰ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া