
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। সৰুপথাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া যোগেশ্বৰ গগৈ নামৰ লোকজনক সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ফেচবুক যোগে সৰুপথাৰ আৰক্ষী থানাৰ সন্মুখৰ পৰাই হত্যাৰ ভাবুকি দিছিল যোগেশ্বৰ গগৈয়ে । নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে নিশা সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থীক হত্যাৰ ভাবুকি দিছিল এই লোকজনে ।
উল্লেখ্য় যে বুধবাৰে নিশা নিৰ্বাচনী সংঘাতক কেন্দ্ৰ কৰি সৰুপথাৰত সংঘটিত হৈছিল আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ । থানাৰ সন্মুখতেই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়াই সমৰ্থকক লগত লৈ প্ৰতিবাদত বহে । জীৱন চুতীয়াৰ এজনৰ সমৰ্থকক দুৰ্বৃত্তই প্ৰহাৰ কৰাক লৈ থানাৰ সন্মুখত প্ৰতিবাদ কৰে । নিশা সৰুপথাৰ থানা উত্তাল হৈছিল । তেনে সময়তে ফেচবুক যোগে সৰুপথাৰৰ বিজেপী প্ৰাৰ্থীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল এইজন ব্যক্তিয়ে।
তেওঁ কৈছিল -আগন্তুক পাঁচ বছৰলৈ যদি বিশ্বজিৎ ফুকন বিধায়ক হয়,আগন্তুক তিনি বছৰত যোগেশ্বৰ গগৈ নামৰ ব্যক্তিজনে উৰাই দিম । মই উগ্ৰপন্থী হৈ হ'লেও উৰাই দিম আপোনাক। এনেধৰণৰ মন্তব্যৰে তেওঁ ফেচবুক যোগে সৰুপথাৰ আৰক্ষী থানাৰ সন্মুখৰ পৰাই দিছিল হত্যাৰ ভাবুকি দিছিল । নিৰ্বাচনৰ দিনাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজৰ ভোটদান সাব্যস্ত কৰাৰ পিছতেই সৰুপথাৰ আৰক্ষী থানাত গোচৰ দিছিল । উক্ত গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰি অৱশেষত যোগেশ্বৰ গগৈক গ্ৰেপ্তাৰ কৰে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া