ধূলাৰ হিৰাপাৰা এম স্কুলৰ ৩২০ নং ভোট কেন্দ্ৰত ভোটদানৰ পৰা বঞ্চিত ভোটাৰ
ধূলাৰ এখন ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
ধূলাৰ হিৰাপাৰা এম স্কুলৰ ৩২০ নং ভোট কেন্দ্ৰত ভোটদানৰ পৰা বঞ্চিত ভোটাৰ


দৰং, ১০ এপ্ৰিল (হি.স.): দৰং জিলাৰ ধূলাৰ এখন ভোট গ্ৰহণ কেন্দ্ৰত কালি সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভোট দানৰ পৰা বঞ্চিত হল অৰ্ধ শতাধিক ৰাইজ।ৰাতিপুৱা ইভিএম বিকল হোৱাৰ বাবে ২ ঘণ্টা দেৰি কৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও প্ৰিজাইডিং বিষয়া গৰাকীয়ে সমূহ ৰাইজক ভোট প্ৰদান কৰিবলৈ সুযোগ দিব বুলি আশ্বাস দিছিল।

ধূলা আৰক্ষী থানাৰ অন্তৰ্গত হিৰাপাৰা এম স্কুলৰ ৩২০ নং ভোট কেন্দ্ৰ ত এই ঘটনা সংঘটিত হয়। কিন্তু ৫ বজাৰ লগে লগে ভোট কেন্দ্ৰৰ গেট বন্ধ কৰাৰ লগে লগে উত্তপ্ত হৈ পৰে ৰাইজ। যাৰ বাবে ভোট প্ৰদান কৰিব নোৱাৰিলে অৰ্ধ শতাধিক ৰাইজে। ঘটনা স্থলীত চক্ৰ বিষয়া উপস্থিত হৈয়ো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি।তাৰ বিপৰীতে ৰাইজে এটা এটাকৈ প্ৰশ্ন কৰিলে বিষয়া গৰাকীক। অৱশেষত ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষী প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande