মোৰাৰজী দেশাইৰ মৃত্যু বাৰ্ষিকীত উপ-ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে আন কেইবাজনো নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ অৱদানক স্মৰণ কৰি তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
भारत के पूर्व प्रधानमंत्री मोरारजी देसाई (फाइल फोटो)।

নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে আন কেইবাজনো নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ অৱদানক স্মৰণ কৰি তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতি গৃহত মোৰাৰজী দেশাইৰ প্ৰতিচ্ছিবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গড়কাপ্তানী আৰু ঘাইপথ মন্ত্ৰী গডকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা মহান স্বাধীনতা সংগ্ৰামী মোৰাৰজী দেশাইৰ মৃত্যু বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে মোৰাৰজী দেশাইক সৰলতা আৰু জনসেৱাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁৰ মৃত্যু বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ কয় যে তেওঁৰ ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি থকা সমৰ্পণ সকলোৰে বাবে প্ৰেৰণা।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মোৰাৰজী দেশাইক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ সমগ্ৰ জীৱন সৰলতা, অনুশাসন, আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি উৎসৰ্গিত। দেশৰ উন্নয়নত তেওঁৰ চিন্তা আৰু অৱদান সদায় অনুপ্ৰেৰণা যোগাব।

মন কৰিবলগীয়া যে দেশৰ চতুৰ্থ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু বাৰ্ষিকীত তেখেতৰ অনুশাসিত জীৱন, সততা, দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা স্মৰণ কৰা হয়। ভাৰত ৰত্ন আৰু পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিশান-ই-পাকিস্তান বঁটা লাভ কৰা ভাৰতৰ একমাত্ৰ ব্যক্তি।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande