
ধুবুৰী, ১০ এপ্ৰিল (হি.স.): অসম বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যৰ ১২৬টা সমষ্টিত ভোটগ্ৰহণৰ হাৰ অভিলেখ সৃষ্টি কৰিছে।ধুবুৰীত কেইবাটাও কেন্দ্ৰত নিশালৈ অব্যাহত থাকে ভোট দান প্ৰক্ৰিয়া। বহু কেইটা ভোট কেন্দ্ৰত চলি থাকে ভোট দান।
ইপিনে ভোটগ্ৰহণ সমাপ্ত হোৱা কেন্দ্ৰসমূহত পৰা অব্যাহত আছে ইভিএম জমা লোৱা প্ৰক্ৰিয়া। নিশা ৩/৩ বজালৈ চলে এই ইভিএম জমা লোৱা প্ৰক্ৰিয়া।আনহাতে নৈৰ সিপাৰে থকা বহু কেইটা ভোট কেন্দ্ৰৰ ইভিএম আহি পাওতে বহু পলম হয় ।
উল্লেখ্য যে নিৰ্বাচন আয়োগে নিশা ৯:৪০ বজালৈকে ৮৫.৬৪ শতাংশ ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰিছে। অৱশ্যে এই পৰিসংখ্যা আৰু বৃদ্ধি পাব পাৰে। ইয়াৰ আগতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৮২.৪২ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰ পোৱা গৈছিল। এইবাৰ অতিক্ৰম কৰিলে পূৰ্বৰ নিৰ্বাচনৰ পৰিসংখ্যা। এইবাৰ অসমৰ ৰাইজে ভোটদান কৰাৰ নতুন অভিলেখ স্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ