নুমলীগড়ত বিলাসী বাহনত চুৰি গৰু উদ্ধাৰ
নুমলীগড়ত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
নুমলীগড়ত বিলাসী বাহনত চুৰি গৰু উদ্ধাৰ


গোলাঘাট, ১০ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নুমলীগড়ৰ কাষৰীয়া ২ নং বালিজানত যোৱা কালি বৃহস্পতিবাৰে নিশা বিলাসী বাহনত চুৰি গৰু উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ঠাইত গৰু চুৰি হৈ আছিল। নিশা গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে সন্দেহ কৰি গাড়ীখন ৰখায়। কিন্তু, বাহনখন লৈ তাৰ পৰা পলাই যাবলৈ চেষ্টা কৰে আৰু নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দুৰ্ঘটনাত পতিত হয়। তাৰ পিচত গৰু আৰু গাড়ী এৰি চোৰ কেইটা পলাই যায়।

ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande