
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। গাজিয়াবাদত এগৰাকী চাৰি বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ লেহেমীয়া তদন্তক লৈ উচ্চতম ন্যায়ালয়ে আৰক্ষী আয়ুক্ত আৰু তদন্তকাৰী বিষয়াক চমন কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে ১৩ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছিল।
শুনানিৰ সময়ত আদালতে ভুক্তভোগীৰ পিতৃৰ অধিবক্তা এন হৰিহৰণৰ যুক্তি বিবেচনা কৰি তদন্তত আৰক্ষীয়ে গাফিলতি কৰা বুলি উল্লেখ কৰে। ছোৱালীজনীৰ দেউতাক দৈনিক মজুৰিৰ শ্ৰমিক। দুখন ব্যক্তিগত চিকিৎসালয়েও ছোৱালীজনীৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰে। দুয়োখন চিকিৎসালয়ক সংবেদনহীনতাৰ বাবে তিৰস্কাৰ কৰে মুখ্য ন্যায়াধীশে।
জানিব পৰামতে, ১৬ মাৰ্চত চুবুৰীয়াই চকলেট কিনাৰ অজুহাতত কিশোৰীগৰাকীক বাহিৰলৈ লৈ যায়। যেতিয়া তাই ঘূৰি নাহিল, তেতিয়া তাইৰ দেউতাকে শিশুটিক বহুত বিচাৰিলে। পিছত তাইক অচেতন হৈ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত চিকিৎসাৰ সময়ত শিশুটিৰ মৃত্যু হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া