আৰ্থিক দৈন্যতাৰ মাজতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮.১৬ শতাংশৰে উজলিল শিলচৰৰ বিৰাজ দাস
কাছাৰ, ১০ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে চৰ্চিত হৈছে শিলচৰৰ এগৰাকী ছাত্ৰ। ঐতিহ্যমণ্ডিত অধৰচাঁদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিৰাজ দাসে আৰ্থিক দৈন্যতাৰ মাজতেই অসাধাৰণ সফলতা অৰ্জন কৰে। তেওঁ মুঠ ৫২৯ নম্বৰ লাভ
আৰ্থিক দৈন্যতাৰ মাজতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮.১৬ শতাংশৰে উজলিল শিলচৰৰ বিৰাজ দাস


কাছাৰ, ১০ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে চৰ্চিত হৈছে শিলচৰৰ এগৰাকী ছাত্ৰ। ঐতিহ্যমণ্ডিত অধৰচাঁদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিৰাজ দাসে আৰ্থিক দৈন্যতাৰ মাজতেই অসাধাৰণ সফলতা অৰ্জন কৰে। তেওঁ মুঠ ৫২৯ নম্বৰ লাভ কৰি ৮৮.১৬ শতাংশ লাভ কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিষয়ভিত্তিক নম্বৰত বিৰাজৰ কৃতিত্বও অসাধাৰণ। বাংলাত ৮৩, গণিতত ৯৮, সমাজ বিজ্ঞানত ৯১, বিজ্ঞানত ৯৬, হিন্দীত ৮০ আৰু ইংৰাজীত ৮১ নম্বৰ লাভ কৰে। ছাত্ৰগৰাকীৰ সফলতাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল অতিশয় সুখী।

অৱশ্যে এই সফলতাৰ আঁৰত আছে কঠোৰ সংগ্ৰামৰ কাহিনী। বিৰাজৰ পৰিয়ালটো আৰ্থিকভাৱে পিছপৰা। তেওঁৰ মাতৃ জয়লক্ষ্মী দাসে আনৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দি আছে। পিতৃ তেওঁলোকৰ লগত নাথাকে। অকলে কঠোৰ পৰিশ্ৰম কৰি সন্তানক ডাঙৰ-দীঘল কৰিছে জয়লক্ষ্মী দাসে। কাছাৰ জিলাৰ কাটিগড়া গাঁৱৰ পৰা শিলচৰলৈ আহিয়েই তেওঁৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল যাতে সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰে।

ইফালে অধ্যয়ন সন্দৰ্ভত বিৰাজে কয় যে তেওঁ কেৱল গণিত বিষয়ৰ বাবে টিউটৰ লৈছিল, আৰু বাকীখিনিৰ বাবে নিজাববীয়াকৈ পঢ়া-শুনা কৰি প্ৰস্তুতি চলাইছিল। তেওঁৰ মতে, 'যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে আৰু একাগ্ৰতা থাকে তেন্তে সফলতা আহিব।' বিৰাজ দাসৰ এই সফলতা কেৱল তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ সমাজৰ বাবেও প্ৰেৰণাৰ নিদৰ্শন হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande