কে কে আৰ মোৰ ঘৰ: আন্দ্ৰে ৰাছেল
কলকাতা, ১০ এপ্ৰিল (হি.স.)। শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ সহকাৰী প্ৰশিক্ষক শ্বেন ৱাটছন আৰু পাৱাৰ প্ৰশিক্ষক আন্দ্ৰে ৰাছেলে এক আছুতীয়া বাৰ্তালাপত অংশগ্ৰহণ কৰে । কথ
आंद्रे रसेल और शेन वॉटसन


কলকাতা, ১০ এপ্ৰিল (হি.স.)। শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ সহকাৰী প্ৰশিক্ষক শ্বেন ৱাটছন আৰু পাৱাৰ প্ৰশিক্ষক আন্দ্ৰে ৰাছেলে এক আছুতীয়া বাৰ্তালাপত অংশগ্ৰহণ কৰে । কথা-বতৰাৰ সময়ত দুয়োজনে নিজৰ খেলাৰ দিনবোৰৰ কথা মনত পেলাই ৰাছেলৰ প্ৰশিক্ষকতালৈ পৰিৱৰ্তনৰ বিষয়ে মুকলিকৈ চৰ্চা কৰে ।

কথা-বতৰাৰ সময়ত শ্বেন ৱাটছনে ৰাছেলৰ দীঘলীয়া আৰু আকৰ্ষণীয় ক্ৰিকেট যাত্ৰাৰ প্ৰশংসা কৰি কয় যে দ্ৰুত বলিং অলৰাউণ্ডাৰ হিচাপে এই পৰ্যায়ত ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰাটো অত্যন্ত প্ৰত্যাহ্বানজনক, আৰু ৰাছেলে ইয়াক প্ৰশংসনীয়ভাৱে সম্পন্ন কৰিছে ।

নিজৰ নতুন ভূমিকা সম্পৰ্কে চৰ্চা কৰি আন্দ্ৰে ৰাছেলে কয় যে এজন ‘পাৱাৰ কোচ’ হিচাপে তেওঁৰ দায়িত্ব হৈছে টি-২০ ক্ৰিকেটত বাউণ্ডেৰীৰ গুৰুত্ব বিশেষকৈ ছয়ৰ গুৰুত্বৰ বিষয়ে খেলুৱৈসকলক জ্ঞান দিয়া । তেওঁ কয় যে তেওঁৰ ভূমিকা খেলুৱৈৰ কৌশল সলনি কৰা নহয়, বৰঞ্চ তেওঁলোকৰ পাৱাৰ-হিটিং ক্ষমতাক নিখুঁত কৰাহে ।

ৰাছেলে স্বীকাৰ কৰে যে খেলুৱৈৰ পৰা প্ৰশিক্ষকলৈ পৰিৱৰ্তন তেওঁৰ বাবে আৱেগিক হৈ পৰিছে । তেওঁ প্ৰায়ে দলটোক সহায় কৰিবলৈ খেলপথাৰত ভৰি দিবলৈ মন যায় যদিও এতিয়া তেওঁ নিজৰ নতুন ভূমিকাৰ লগত খাপ খাব লাগিব ।

প্ৰথমখন মেচৰ অভিজ্ঞতা শ্বেয়াৰ কৰি তেওঁ কয় যে প্ৰশিক্ষক হিচাপে খেলপথাৰত থকাটো তেওঁৰ বাবে সম্পূৰ্ণ নতুন অভিজ্ঞতা আছিল, আৰু প্ৰথম অৱস্থাত তেওঁ নিজৰ ভূমিকা কেনেকৈ পালন কৰিব লাগে সেই কথা বুজিবলৈ সংগ্ৰাম কৰিছিল । কে কে আৰৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্কৰ বিষয়ে কোৱাৰ সময়ত ৰাছেলে কয় যে ফ্ৰেঞ্চাইজিটো তেওঁৰ বাবে ঘৰৰ দৰেই। এই ছিজনত দলটোৱে তেওঁক দিয়া সন্মানক তেওঁৰ কেৰিয়াৰৰ অন্যতম আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰে ।

শ্বেন ৱাটছনেও ৰাছেলৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি তেওঁৰ সৈতে হোৱা অতীতৰ মুখামুখিৰ কথা মনত পেলাই প্ৰশিক্ষক দললৈ আদৰণি জনায় ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande