
নতুন দিল্লী, ১০ এপ্ৰিল(হি.স.)। চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ অ’পেনাৰত এটলেটিকো মাদ্রিদৰ হাতত ০-২ গ’লত পৰাস্ত হোৱাৰ পাছত বৃহস্পতিবাৰে স্পেনিছ ক্লাব বার্চিলোনে ইউএফএত মেচ অফিচিয়েটিং সন্দর্ভত আনুষ্ঠানিক অভিযোগ দাখিল কৰে ৷
দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে বাৰ্চিলোনাই পেনাল্টি দাবী কৰা এটা কাণ্ডৰ পৰাই এই বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি এটলেটিকোৰ গ’লৰক্ষক জুয়ান মুছ’ই গ’ল কিকৰ পিছত বলটো খেললৈ আনিছিল যদিও তাৰ পিছত ডিফেণ্ডাৰ মাৰ্ক পুয়েবিলে ছয় গজৰ এলেকাৰ ভিতৰত হাতেৰে বলটো স্পৰ্শ কৰিছিল।
মেচৰ ৰেফাৰী ইষ্টভান কোভাচে খেল অব্যাহত ৰাখিলে, আৰু ভিডিঅ’ সহায়ক ব্যৱস্থাই হস্তক্ষেপ নকৰাৰ ফলত বাৰ্চিলোনাৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ মাজত ক্ষোভৰ সৃষ্টি হয়।
ক্লাবটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে তেওঁলোকৰ আইনী বিভাগে এই বিষয়টো সন্দৰ্ভত ইউএফএৰ ওচৰত অভিযোগ দাখিল কৰিছে। ক্লাবৰ মতে, ৫৪ মিনিটত খেল পুনৰ আৰম্ভ হোৱাৰ পিছত বিপক্ষই বলটো তুলি লোৱাত স্পষ্টভাৱে পেনাল্টি আছিল যদিও ইয়াক প্ৰদান কৰা হোৱা নাছিল।
বাৰ্চিলোনাই এই সিদ্ধান্তক ডাঙৰ ভুল বুলি অভিহিত কৰি তদন্তৰ দাবী জনাইছে। ৰেফাৰী আৰু ভিডিঅ’ এচিষ্টেন্স চিষ্টেমৰ মাজৰ যোগাযোগৰ সুবিধাও বিচাৰিছে, আৰু ভুলটো আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিবলৈও দাবী জনাইছে।
ইয়াৰ পূৰ্বেও একেধৰণৰ কাণ্ডত ভিন্ন সিদ্ধান্ত লোৱা হৈছে। ২০২৪ চনৰ এপ্ৰিল মাহত বায়াৰ্ন মিউনিখক চেম্পিয়নছ লীগৰ এখন খেলত আৰ্চেনালৰ বিৰুদ্ধে পেনাল্টি দিয়া হোৱা নাছিল যেতিয়া গেব্ৰিয়েল মাগালহায়েছে বল স্পৰ্শ কৰিছিল।
২০২৪ চনৰ আন এখন মেচত ভিডিঅ’ এচিষ্টেন্স চিষ্টেমে হস্তক্ষেপ কৰি ক্লাব ব্ৰুগক পেনাল্টি প্ৰদান কৰে যেতিয়া এষ্টন ভিলাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজ আৰু ডিফেণ্ডাৰ টাইৰন মিংছৰ সৈতে একেধৰণৰ কাণ্ড সংঘটিত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া