
হিউষ্টন, ১০ এপ্ৰিল (হি.স.)। নেশ্যনেল বাস্কেটবল এছ’চিয়েশ্যন (এনবিএ)ৰ ফ্ৰেঞ্চাইজি ফিলাডেলফিয়া ৭৬আৰ্ছৰ তাৰকা খেলুৱৈ জোৱেল এম্বিডৰ বৃহস্পতিবাৰে হিউষ্টনত জৰুৰীকালীন এপেণ্ডিচাইটিছৰ অস্ত্ৰোপচাৰ কৰা হয় । দলটোৱে নিশ্চিত কৰে যে তেওঁৰ ৰাতিটোৰ ভিতৰতে হঠাতে এপেণ্ডিচাইটিছ হৈছিল, যাৰ বাবে তৎক্ষণাত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল ।
ফিলাডেলফিয়া ৭৬আৰ্ছে হিউষ্টন ৰকেটছৰ বিৰুদ্ধে খেলাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এই অস্ত্ৰোপচাৰ সংঘটিত হয়। মুখ্য প্ৰশিক্ষক নিক নাৰ্ছে কয় যে বুধবাৰৰ অনুশীলনৰ সময়ত এম্বিড ভালেই আছিল যদিও বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাৰ ওচৰত তেওঁ অসুস্থ অনুভৱ কৰা বুলি জনাইছে ।
প্ৰশিক্ষকগৰাকীৰ মতে, লগে লগে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়, য’ত পৰীক্ষাৰ অন্তত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱা হয় । এম্বিডৰ উভতি অহাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই যদিও প্লে-ইন টুৰ্ণামেণ্ট আৰু প্লে অফৰ উদ্বোধনী খেলত খেলাৰ সম্ভাৱনা কম বুলি বিবেচিত হৈছে। এয়া দলটোৰ বাবে এক ডাঙৰ আঘাত।
ইষ্টাৰ্ন কনফাৰেন্সৰ অষ্টম স্থানত থকা ফিলাডেলফিয়া ৭৬আৰ্ছে ষষ্ঠ স্থানৰ দলটোৰ পৰা মাত্ৰ এখন মেচ পিছ পৰি প্লে অফত প্ৰৱেশ কৰাৰ অৱস্থাত আছে । এই ছিজনত এম্বিডে মাত্ৰ ৩৮খন খেলহে খেলিছে, ইয়াৰ মূল কাৰণ হৈছে আঁঠুৰ সমস্যা। ইয়াৰ পিছতো ছান এণ্টনিঅ’ স্পাৰ্ছৰ বিৰুদ্ধে তেওঁ ৩৪ পইণ্ট আৰু ১২ ৰিবাউণ্ড সংগ্ৰহ কৰি তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়।
এই ছিজনত এম্বিডে গড়ে ২৬.৯ পইণ্ট আৰু ৭.৭ ৰিবাউণ্ড লাভ কৰিছে। ২০২২-২৩ ছিজনত তেওঁ গড়ে ৩৩.১ পইণ্ট লাভ কৰি সৰ্বাধিক মূল্যৱান খেলুৱৈৰ বঁটা লাভ কৰে । তেওঁৰ অনুপস্থিতিত দলটোৱে নিজৰ কৌশল সালসলনি কৰিব লাগিব। প্ৰশিক্ষক নিক নাৰ্চে কয় যে দলটোৰ হাতত আডেম বোনা আৰু আন্দ্ৰে ড্ৰামণ্ডৰ দৰে বিকল্প আছে, যিসকলক ব্যৱহাৰ কৰা হ’ব ।
শেহতীয়াকৈ এম্বিডে মেচ এখনত খেলিব নিদিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি দল পৰিচালনাৰ ফালে আঙুলিয়াই দিয়ে । প্লে অফৰ পূর্বে দলটোৰ ওপৰত চাপ বাঢ়িছে ৷ প্ৰশিক্ষকগৰাকীয়ে কয় যে দলটোৱে নিজকে নিয়ন্ত্ৰণ কৰি পেছাদাৰীভাৱে পৰিস্থিতি চম্ভালিব লাগিব ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia