
কামৰূপ, ১০ এপ্ৰিল (হি.স.)। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ সফলতা লাভ কৰিছে ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান পাৰ্থ প্ৰতিম লহকৰে। জুইয়ে পোৰা সোণৰ দৰে জিলিকি উঠিছে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ এই মেধাৱী ছাত্ৰ জন। ফুটপাথত চাহৰ সৰু ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা মুৰাৰৰ নবিন লহকৰ আৰু নীভা লহকৰৰ সুযোগ্য সন্তান পাৰ্থই মুঠ ৫৭০ নম্বৰেৰে ৯৫ শতাংশ লাভ কৰি সকলোকে গৌৰৱান্বিত কৰিছে।
আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰাৰ লগতে গণিত বিষয়ত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰা পাৰ্থৰ এই সাফল্য বিশেষভাবে উল্লেখযোগ্য। আৰ্থিক দীনতা যে মেধাৰ পথত কেতিয়াও বাধা নহয়, সেই কথাই পুনৰবাৰ প্ৰতিপন্ন কৰিছে পাৰ্থই। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে দৈনিক ৮-৯ ঘণ্টা অধ্যয়ন কৰি তেওঁ এই সফলতা অৰ্জন কৰিছে ।
ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হৈ মানৱ সেৱা কৰাৰ সপোনেৰে আগবাঢ়ি গৈছে পাৰ্থ। এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ আৰু শিক্ষক সকলৰ বিশেষ সহায়-সহযোগিতা আছে বুলি তেওঁ উল্লেখ কৰে। পাৰ্থৰ এই কৃতিত্বই বিদ্যালয় খনৰ লগতে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা