উচ্চতম ন্যায়ালয়ত পুনৰ উঠিল পশ্চিম বংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ বিষয়, ১৩ এপ্ৰিলত শুনানিৰ দিন
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত শুকুৰবাৰে পশ্চিম বংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ (এছআইআৰ) বিষয়টো দাখিল কৰা হয়। এজন অধিবক্তাই উল্লেখ কৰে যে এতিয়াও আ
सुप्रीम कोर्ट (फाइल फाेटाे)


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত শুকুৰবাৰে পশ্চিম বংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ (এছআইআৰ) বিষয়টো দাখিল কৰা হয়। এজন অধিবক্তাই উল্লেখ কৰে যে এতিয়াও আপীল ন্যায়াধিকৰণত বৃহৎ সংখ্যক আবেদন বিচাৰাধীন হৈ আছে, কিন্তু নিৰ্বাচন আয়োগে ৯ এপ্ৰিলত ভোটাৰ তালিকা নিথৰ কৰি ৰাখিছে, অৰ্থাৎ তালিকাত কোনো নাম যোগ কৰিব নোৱাৰিব। এনে লোকে এই নির্বাচনত ভোট দিব নোৱাৰিব ৷

উল্লেখ কৰাৰ পিছত আদালতে উল্লেখ কৰে যে এইবাৰ ভোটাৰ তালিকাত নাম নথকাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ভৱিষ্যতে কেতিয়াও ভোট দিব নোৱাৰিব। অৱশ্যে আদালতে ১৩ এপ্ৰিলত বিষয়টো শুনানি গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande