
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উচচতম ন্যায়ালয়ে ধন সৰবৰাহৰ গোচৰত গুজৰাটৰ সাংবাদিক মহেশ লংগাৰ নিয়মীয়া জামিন মঞ্জুৰ কৰিছে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত চলা বিচাৰপীঠে নিয়মীয়া জামিন মঞ্জুৰ কৰাৰ নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন সঞ্চালকালয়ক (ইডি) প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ যুক্তি মানি লয় যে জামিন আদেশত দিয়া মন্তব্যই বিচাৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। ২০২৫ চনৰ ১৫ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে মহেশ লংগাক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।দৈনিক গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ বিচাৰ আদালতক নিৰ্দেশ দিছিল।
আদালতে মহেশ লংগাক শুনানিৰ সময়ত কোনো ধৰণৰ স্থগিত ৰখাৰ বাবে অনুৰোধ নকৰিবলৈ কৈছিল। আদালতে তেওঁৰ বিৰুদ্ধে থকা গোচৰ সন্দৰ্ভত বাতৰি কাকতত কোনো লেখা নিলিখিবলৈও নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৩১ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ে মহেশ লংগাৰ জামিন আবেদন নাকচ কৰি কয় যে তেওঁক জামিন প্ৰদান কৰিলে বিচাৰৰ গোচৰৰ ক্ষতি হ’ব পাৰে। ২০২৪ চনত জি এছ টি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল লংগা। পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া