জাতি লোকপিয়ল বন্ধ কৰাৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ, আবেদনকাৰীক ধমক
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উচচতম ন্যায়ালয়ে ২০২৭ চনৰ জাতি জনগণনা বন্ধ কৰাৰ দাবী নাকচ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনকাৰীক তেওঁৰ আবেদনত গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰাৰ বাবে ধমক দিয়ে। শুনানিৰ সময়ত মুখ্য ন্যায
सुप्रीम कोर्ट (फाइल फाेटाे)


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। উচচতম ন্যায়ালয়ে ২০২৭ চনৰ জাতি জনগণনা বন্ধ কৰাৰ দাবী নাকচ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনকাৰীক তেওঁৰ আবেদনত গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰাৰ বাবে ধমক দিয়ে।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে আবেদনকাৰীক সুধিলে, আপুনি এই গালি-গালাজৰ ভাষা ক'ৰ পৰা পায়? আপলোড কৰা আবেদন কেনেকৈ লিখে? ২০২৭ চনৰ জাতি লোকপিয়লৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনখনত জনসংখ্যা অনুসৰি সম্পদসমূহ দায়িত্বশীলভাৱে বিতৰণ কৰা উচিত বুলি উল্লেখ কৰা হৈছে। লগতে এটা সন্তান থকা পৰিয়ালক আৰ্থিক উৎসাহ প্ৰদানৰ বাবে গাইডলাইন জাৰি কৰাৰ দাবী উত্থাপন কৰা হৈছে।

ইয়াৰ আগচে ২ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়েও জাতি লোকপিয়লৰ পদ্ধতি, শ্ৰেণীবিভাজন, পৰীক্ষণক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ২০২৭ চনৰ লোকপিয়লত ১৬ সংখ্যক ৰাষ্ট্রীয় লোকপিয়লত অনুষ্ঠিত হ’ব৷ ১৯৩১ চনৰ পিছত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত জাতিভিত্তিক লোকপিয়ল অনুষ্ঠিত হ’ব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande