অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬, শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্ৰহণ
শ্ৰীভূমি, ১০ এপ্ৰিল (হি.স.)।অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে এটা পৰ্যায়ত অনুষ্ঠিত হৈ যায় যদিও বৰাক উপক্য়াকাৰ শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্
অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬, শ্ৰীভূমি জিলাৰ এটা ভোটকেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্ৰহণ


শ্ৰীভূমি, ১০ এপ্ৰিল (হি.স.)।অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে এটা পৰ্যায়ত অনুষ্ঠিত হৈ যায় যদিও বৰাক উপক্য়াকাৰ শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচনী আয়োগে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি শ্ৰীভূমি জিলাৰ ১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰত কাইলৈ, ১১ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

জন প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ৫৮ ৰ অধীনৰ উপধাৰা (২) (ক) অনুসৰি নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰে। সেই অনুসৰি ইতিমধ্যে যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে দুস্কৃতিকাৰীয়ে এই ভোটগ্ৰহণ কেন্দ্ৰত অনধিকাৰ প্ৰৱেশ কৰি ইভিএমৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নি অবৈধভাৱে কেইবাটাও ভোট প্ৰদান কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যাহত কৰিছিল । এই কথা নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰাত আয়োগে এই নিৰ্দেশনা জাৰি কৰে।

১২৩ নং উত্তৰ কৰিমগঞ্জ সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কাইলৈ পুনৰ ভোটগ্ৰহণ হ’বলগীয়া ভোটকেন্দ্ৰটিত মুঠ ৫৯৯ গৰাকী ভোটাৰ আছে। ইয়াৰে ২৭৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৩২৬গৰাকী মহিলা ভোটাৰ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ২৩৯ নং বেবীলেণ্ড হাই ইংলিছ স্কুল ভোটকেন্দ্ৰৰ অধীনৰ সমূহ ভোটদাতাক শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে। তদুপৰি ১২৩ নং উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা সমূহ প্ৰাৰ্থী বা তেওঁলোকৰ প্ৰতিনিধিসকলক সময়মতে ভোটগ্ৰহণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande