চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও, ১০ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহীজন।

তেওঁক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অতি সংকট জনক অৱস্থাত চামগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৰিগাঁৱৰ বিজিত দলৈ নামৰ মটৰচাইকেল আৰোহী জনক। ঘটনা স্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande