
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰমৰ ফলত দৰিদ্ৰতাক নেওচি সফলতা অৰ্জন কৰিলে খুমটাইৰ শাওঁতলী নতুনমাটিৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ নতুনমাটিৰ ৰেখামনি কালিন্দীয়ে ছয়টা বিষয়ত লেটাৰ সহ ৮৪% নম্বৰৰে উত্তীৰ্ণ হোৱা বাগিচা খনত আনন্দৰ জোঁৱাৰ ৷
পিতৃয়ে নতুনমাটি চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰে। আজিও পিতৃয়ে বাগিচাত কাম কৰি থকা অৱস্থাতে লাভ কৰিলে কন্যাৰ ফলাফল ৷ পিতৃ-মাতৃৰ চকুত এতিয়া কেৱল চকুপানী ৷ পিতৃ-মাতৃয়ে এসাঁজ নোখোৱাকৈ থাকি হ’লেও সকলো পঢ়াৰ সামগ্ৰী যোগান ধৰিছিল ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন থকা ৰেখামনিয়ে পঢ়াৰ ক্ষেত্ৰত বিচাৰিছে এধানিমান সহায় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা