লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ বাসগৃহত আৰক্ষীৰ তালাচী
ডিব্ৰুগড়,১০ এপ্ৰিল(হি.স.)। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ গদাপাণিৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলায় । ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলালে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ বাসগৃহত । লুৰীণজ্য
লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ বাসগৃহত আৰক্ষীৰ তালাচী


ডিব্ৰুগড়,১০ এপ্ৰিল(হি.স.)। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ৰ গদাপাণিৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলায় । ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলালে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ বাসগৃহত । লুৰীণজ্যোতি গগৈৰ বাসগৃহৰ প্ৰতিটো কোঠা তন্নতন্নকৈ পৰীক্ষা কৰে আৰক্ষীয়ে ।

অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি আজি এক সংবাদ মেলৰ জৰিয়তে চৰকাৰৰ উক্ত কাৰ্য্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । চৰকাৰৰ এই ধৰণৰ দমন নীতিক সমালোচনা কৰে দলটোৰ নেতা সকলে। লুৰীণজ্যোতি গগৈৰ বাসগৃহত অভিযান চলোৱাৰ পিছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছতে উভতি যায় আৰক্ষীৰ দলটো।

খোৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । উল্লেখ্যে যে ভোটগ্ৰহণৰ সময়ত খোৱাং সমষ্টিৰ কুটুহাত হৈছিল উত্তপ্ত পৰিস্থিতি । অসম জাতীয় পৰিষদ আৰু বিজেপি কৰ্মীৰ মাজত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande