
ধেমাজি, ১০ এপ্ৰিল (হি.স.)। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ধেমাজি জিলা কাৰাগাৰত অঘটন ৷ কৰ্তব্যৰত অৱস্থাতে গুলীবিদ্ধ ২২ বেটেলিয়নৰ লেঞ্চনায়ক পলাশ গগৈৰ ৷ নিজৰ ইনচাচ ৰাইফলেৰে গুলীয়াই নিজকে নিঃশেষ কৰে ২২ বেটেলিয়নৰ লেন্সনায়ক পলাশ গগৈয়ে ৷
নিহত জোৱান পলাশ গগৈৰ ঘৰ লখিমপুৰ ঘিলামৰা ঢাপলিয়ালত ৷
কাৰাগাৰৰ নিৰীক্ষণ টাৱাৰট কৰ্তব্যৰত হৈ থকা অৱস্থাতে আত্মহত্যা লেঞ্চনায়ক পলাশ গগৈৰ ৷ দিনৰ ১১ বজাৰপৰা ২ বজালৈ ডিউটিত আছিল জোৱানজন ৷ কৰ্তব্যৰত অৱস্থাতে ঘটিল অবাঞ্চিত ঘটনাটো ৷ আত্মহত্যাৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই ৷ ধেমাজি জিলা কাৰাগাৰৰ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা