ৰাজ্যসভাৰ সদস্য হিচাপে শপত লোৱা নীতিশ কুমাৰ আৰু হৰিবংশক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিদায়ী ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশক ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্
 प्रधानमंत्री नरेन्द्र मोदी और बिहार के मुख्यमंत्री नीतीश कुमार (फाइल फाेटाे)


प्रधानमंत्री मोदी और हरिवंश  (फाइल फाेटाे)


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিদায়ী ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশক ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰ আৰু হৰিবংশক অভিনন্দন জনাই লিখিছে, নিতীশ কুমাৰ দেশৰ অন্যতম অভিজ্ঞ নেতা। সুশাসনৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক বহুলভাৱে প্ৰশংসা কৰা হৈছে। বিহাৰৰ উন্নয়নত তেওঁ অপৰিসীম অৱদান আগবঢ়াইছে। তেওঁক পুনৰ এবাৰ সংসদত দেখা পোৱাটো আনন্দময় হ'ব। তেওঁ বহু বছৰ ধৰি সংসদৰ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।'

নীতিশ কুমাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ বিস্তৃত ৰাজনৈতিক অভিজ্ঞতাই সংসদৰ মৰ্যাদা আৰু অধিক বৃদ্ধি কৰিব। শেষত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত কাৰ্যকালৰ বাবে শুভকামনা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে সাংবাদিকতা আৰু জনজীৱনত অমূল্য অৱদানৰ বাবে হৰিবংশক প্ৰশংসা কৰি সন্মানীয় বুদ্ধিজীৱী আৰু চিন্তাবিদ আখ্যা দিয়ে। তেওঁ নিজৰ গভীৰ চিন্তা আৰু অন্তৰ্দৃষ্টিৰে বিগত কেইবছৰমানৰ পৰা সদনৰ কাৰ্য্যবিধি সমৃদ্ধ কৰিছে। তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছে ৰাষ্ট্ৰপতিয়ে। তেওঁৰ আগন্তুক সংসদীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিদায়ী ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সংসদ ভৱনত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। ৬৯ বছৰীয়া হৰিবংশৰ পূৰ্বৰ কাৰ্যকাল ৯ এপ্ৰিলত সমাপ্ত হোৱাৰ পিছত শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তেওঁক পুনৰ মনোনীত কৰে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছতে আসনখন খালী হৈ পৰে। ৰাষ্ট্ৰপতিয়ে মুঠ ১২ জন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে। এই সদস্যসকলক শিল্প, সাহিত্য, বিজ্ঞান আৰু সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande