নীতিশ কুমাৰ, হৰিবংশৰ ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিদায়ী ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে শুকুৰবাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সংসদ ভৱনত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। এই
नीतीश कुमार ने ली शपथ


नीतीश कुमार ने ली शपथ


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিদায়ী ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে শুকুৰবাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সংসদ ভৱনত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়।

এই উপলক্ষে উপস্থিত থাকে সদনৰ নেতা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডা, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে লল্লন সিং, কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীকে ধৰি অন্যান্যসকল।

উল্লেখ্য যে ৯ এপ্ৰিলত ৬৯ বছৰীয়া হৰিবংশৰ পূৰ্বৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক পুনৰ মনোনীত কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত এখন আসন খালী হৈ পৰিছিল।

ৰাষ্ট্ৰপতিয়ে মুঠ ১২ জন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে। এই সদস্যসকলক শিল্প, সাহিত্য, বিজ্ঞান আৰু সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande