
টেল আভিভ, ১০ এপ্ৰিল (হি.স.)। ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত বৈঠকৰ পূৰ্বে ইজৰাইল আৰু পাকিস্তানে ইজনে সিজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমেৰিকা আৰু ইৰাণৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যই ইজৰাইলক অস্থিৰ কৰি তুলিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে লেবাননৰ ওপৰত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি ইজৰাইলক “কেন্সাৰ ৰোগ” বুলি অভিহিত কৰে, যিটোক ইজৰাইলে “লজ্জাজনক আৰু নিন্দনীয়” বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে পাকিস্তানে এতিয়াও ইজৰাইলক দেশ হিচাপে স্বীকৃতি দিয়া নাই। দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক নাই।
টেল আভিভ আৰু ইছলামাবাদৰ মাজত হোৱা আদান-প্ৰদানৰ তিক্ততা নতুনকৈ বৃদ্ধি পালে যেতিয়া পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত ইজৰাইলক চয়তান আৰু মানৱতাৰ ওপৰত কলংক আখ্যা দি লিখিলে, ইছলামবাদে শান্তিৰ কথা কোৱাৰ সময়ত লেবাননত গণহত্যা সংঘটিত কৰি আছে। প্ৰথমতে গাজাত নিৰীহ লোকক হত্যা কৰিছিল আৰু এতিয়া লেবাননত একেই কাম কৰি আছে। ইউৰোপীয় ইহুদীৰ পৰা মুক্তি পাবলৈ পেলেষ্টাইনৰ ভূমিত এই কৰ্কট ৰোগৰ দেশখন সৃষ্টি কৰাসকলে নৰকত জ্বলি উঠক।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এক্স-পোষ্টত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্যক গৰিহণা দি কয় যে ইজৰাইলৰ ধ্বংসৰ কামনা কৰাটো অতি আপত্তিজনক। বিশেষকৈ নিজকে শান্তিৰ মধ্যস্থতাকাৰী বুলি দাবী কৰা চৰকাৰৰ পৰা এনে বক্তব্য আশা কৰা নহয়।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ডিজিয়ান ছাৰে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে যে ইজৰাইলে “শান্তিৰ মধ্যস্থতাকাৰী” বুলি দাবী কৰা চৰকাৰখনৰ যিহুদী বিৰোধী অভিযোগক অতি গুৰুত্বসহকাৰে লয়। ইহুদী ৰাষ্ট্ৰক কেন্সাৰ বুলি কোৱাটো কাৰ্যতঃ ধ্বংসৰ আহ্বান। ইজৰাইলে ইয়াক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰিব।
ইয়াৰ পূৰ্বে বুধবাৰে নিশা ইজৰাইলে লেবাননত ধাৰাবাহিক বিমান আক্ৰমণ চলাই ১০ মিনিটৰ ভিতৰতে ১০০ৰো অধিক লক্ষ্যত আঘাত হানে। এই আক্ৰমণত ২৫০ জনতকৈ অধিক লোক নিহত হয়। ইজৰাইলে কয় যে ইৰাণত যুদ্ধবিৰতি থকাৰ পিছতো লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে। ইজৰাইলে এই বিমান আক্ৰমণক আজিলৈকে সৰ্ববৃহৎ আক্ৰমণ বুলি অভিহিত কৰিছে।
অৱশ্যে ইজৰাইলে লেবাননৰ সৈতে প্ৰত্যক্ষ আলোচনাত সন্মতি প্ৰকাশ কৰিছে। টাইমছ অৱ ইজৰাইলৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া নেতন্যাহুৱে কয় যে ইজৰাইলে লেবাননৰ সৈতে “যথাসম্ভৱ সোনকালে” আলোচনা আৰম্ভ কৰিব, যাৰ লক্ষ্য হৈছে হিজবুল্লাহক নিৰস্ত্ৰ কৰা আৰু দেশসমূহৰ মাজত সম্পূৰ্ণ শান্তি চুক্তিত উপনীত কৰা।
লেবাননৰ আজিলৈকে হোৱা সৰ্ববৃহৎ বিমান আক্ৰমণৰ এদিন পিছত বেঞ্জামিন নেতান্যাহুৱে এক বিবৃতিত কয় যে, ইজৰাইলৰ সৈতে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিবলৈ লেবাননে বাৰে বাৰে কৰা আবেদনৰ পোহৰত মই কালি কেবিনেটক নিৰ্দেশ দিছো যে যিমান পাৰি সোনকালে লেবাননৰ সৈতে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰক। আলোচনাত হিজবুল্লাহক নিৰস্ত্ৰ কৰা আৰু ইজৰাইল আৰু লেবাননৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।
ইৰাণ আৰু আমেৰিকাৰ শান্তি আলোচনাৰ সময়তো লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ এটা বিষয় হৈ পৰিব পাৰে। ইৰাণ আৰু পাকিস্তানে লেবানন এই আলোচনাৰ পৰিসৰৰ ভিতৰত আছে বুলি বিশ্বাস কৰে, আনহাতে আমেৰিকা আৰু ইজৰাইলে লেবাননৰ বিষয়টোক ইৰাণৰ পৰা পৃথক বুলি ভাবে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া