
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। নুমলীগড়ত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃ্ষ্টি হয়। নুমলীগড়ৰ কাষৰীয়া ২ নং বালিজানত নিশা বিলাসী গাড়ীত চুৰি গৰু উদ্ধাৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ঠাইত গৰু চুৰি হৈ আছিল। নিশা গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে সন্দেহ কৰি গাড়ীখন ৰখায়। বাহন খন ৰাখিবলৈ চেষ্টা কৰাৰ সময়তে পলাই যাবলৈ চেষ্টা কৰে গৰু চোৰ কেইতা।
পলাবলৈ চেষ্টা কৰোঁতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দুৰ্ঘটনাত পতিত হয়। তাৰ পিছত গৰু আৰু গাড়ী এৰি চোৰ কেইজন পলাই যায়.l
ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা