নুমলীগড়ৰ বকিয়ালতো বিহু আখৰা শিবিৰৰ আয়োজন
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। অসমীয়াৰ জাতীয় উৎসৱ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথোঁ দুটা দিন বাকী। ঢোল-পেঁপাৰ সুৰেৰে গুঞ্জৰীত সমগ্ৰ ৰাজ্য। নুমলীগড়ৰ বকিয়ালতো সেই একেই উৎসাহ। কণ কণ শিশু ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। নৱ দীপ্ত সাংস্কৃতিক কেন্দ্ৰ আৰু স্থানীয
নুমলীগড়ৰ বকিয়ালতো বিহু আখৰা শিবিৰৰ আয়োজন


গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। অসমীয়াৰ জাতীয় উৎসৱ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথোঁ দুটা দিন বাকী। ঢোল-পেঁপাৰ সুৰেৰে গুঞ্জৰীত সমগ্ৰ ৰাজ্য। নুমলীগড়ৰ বকিয়ালতো সেই একেই উৎসাহ। কণ কণ শিশু ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। নৱ দীপ্ত সাংস্কৃতিক কেন্দ্ৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই বিহু আখৰা শিবিৰত উৎসৱ মুখৰ পৰিৱেশ।

আখৰা শিৱিৰৰ আয়োজক নৱ দীপ্ত সাংস্কৃতিক কেন্দ্ৰই ইতিমধ্য়ে কেইবা গৰাকী বিহু নাচৰ প্ৰশিক্ষক, ঢুলীয়া আমন্ত্ৰণ কৰি আনিছে যাতে ন শিকাৰু সকলক বিহু নাচ, ঢোলৰ নিখুত প্ৰশিক্ষণ দিব পাৰি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande