নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ দুই নতুন মন্ত্ৰী নিযুক্তি দি কেবিনেট সম্প্ৰসাৰণ
কাঠমাণ্ডু, ১০ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে নিজৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে। প্ৰধানমন্ত্ৰী পদৰ উপৰিও দুটা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰা শ্বাহে নতুনকৈ দুজন মন্ত্ৰী নিযুক্তি দিছে। নেপালৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশ প
बालेन्द्र शाह के मंत्रिमंडल में शामिल दो नए मंत्री


কাঠমাণ্ডু, ১০ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে নিজৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে। প্ৰধানমন্ত্ৰী পদৰ উপৰিও দুটা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰা শ্বাহে নতুনকৈ দুজন মন্ত্ৰী নিযুক্তি দিছে।

নেপালৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ পৰামৰ্শমতে দুটাকৈ নতুন কেবিনেট নিযুক্তি দিয়া হৈছে। তেওঁলোক হৈছে ৰামজী যাদৱ আৰু গৌৰী যাদৱ। ৰামজী যাদৱক শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে, গৌৰী যাদৱক উদ্যোগ, বাণিজ্য আৰু যোগান মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। আজি ৰাষ্ট্ৰপতি সদনত নতুন মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ প্ৰস্তুতি চলি আছে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্বাহে নিজেই উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰিছিল। ৰামজী যাদৱ ২ নং সপ্তৰী সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ, আনহাতে গৌৰী কুমাৰী যাদৱ ৪ নং মহোত্তৰী সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande