
কাঠমাণ্ডু, ১০ এপ্ৰিল (হি.স.)। নেপালৰ বিখ্যাত মুক্তিনাথ মন্দিৰৰ পৰা উভতি অহা ভাৰতীয় তীৰ্থযাত্ৰীক কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ছয়জন যাত্ৰী আহত হয় । নেপালৰ ম্যাগদি জিলাৰ বেনী পৌৰসভাৰ জলেশ্বৰ সমীপত শুকুৰবাৰে পুৱা সংঘটিত মাইক্ৰ’বাছ দুৰ্ঘটনাত ৬ ভাৰতীয় তীৰ্থযাত্ৰী আহত হয়।
জিলা আৰক্ষী কাৰ্যালয় ম্যাগডীৰ তথ্য অনুসৰি মুস্তাংগৰ মুক্তিনাথ মন্দিৰৰ পৰা উভতি অহা ভাৰতীয় তীৰ্থযাত্ৰীক লৈ যোৱা ৮৪৩৬ নম্বৰৰ ইভি মাইক্ৰ’বাছখন বেনি-জোমছম-কোৰলা পথ খণ্ডৰ জলেশ্বৰত এক দুৰ্ঘটনাৰ সন্মুখীন হয়।
চিকিৎসালয়ৰ তথ্য বিষয়া ঝৰ্ণাশ্ৰেষ্ঠই জনোৱা মতে, আহত এজনক উন্নত চিকিৎসাৰ বাবে পোখৰালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৫জনক বেনীৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দুৰ্ঘটনাটোত আহত হয় ২৬ বছৰীয়া দীনা মাদি, ৩৬ বছৰীয়া ত্ৰিবেনী ভাৰত, ৫০ বছৰীয়া প্ৰমোদ শংকৰ যাদৱ, ২৮ বছৰীয়া কৈলাশ দেয়ানী, ৭০ বছৰীয়া নিৰঞ্জন দাস খান্না আৰু ২২ বছৰীয়া সন্তোষ, আটাইকেইজনেই উত্তৰ প্ৰদেশৰ। বুধবাৰে বিয়লি জলেশ্বৰ নামৰ একে স্থানতে এখন ট্ৰাক আৰু বাছৰ সংঘৰ্ষত মুক্তিনাথৰ পৰা উভতি অহা পোন্ধৰজন ভাৰতীয় তীৰ্থযাত্ৰীও আহত হয়।
বেনি আৰক্ষী পৰিদৰ্শক সাগৰ টিমিলচিনাই জনোৱা মতে, ১৫ জন যাত্ৰী কঢ়িয়াই অনা বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়, যাত থকা ১৫ জন ভাৰতীয় তীৰ্থযাত্ৰী আহত হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia