
নগাঁও, ১০ এপ্ৰিল (হি.স.)। বাপতি সাহোন বিহুলৈ মাজত মাথোঁ দুটা দিন বাকী। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ আৰম্ভ হৈছে ঢোল-পেঁপা, গগনাৰ মাত। নগাঁও জিলাৰ জাজৰি শিমলুতলত ৰাইজৰ উৎসাহ। কণ কণ শিশু, কিশোৰী ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা বিহু আখৰা শিবিৰত উখল মাখল পৰিৱেশ।
প্ৰধানকৈ স্থানীয় বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিহু আখৰা শিবিৰত অংশগ্ৰহণ কৰা দেখা গৈছে। অভিভাৱক সকলেও নিজৰ লৰা ছোৱালী সকলক বিহু আখৰা শিবিৰত অংশ গ্ৰহণ কৰাত উতসাহিত কৰা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা