
কলকাতা, ১০ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ ৰাজনৈতিক পৰিঘটনাৰ সৃষ্টি হৈছে। হুমায়ুন কবীৰৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি আছাদুদ্দিন ওৱাইছিৰ দল মাজলিছ-ই-ইত্তেহাদুল মুছলিমীয়ে অকলে ৰাজ্যৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে।
শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত দলটোৱে কয় যে মুছলমান সম্প্ৰদায়ৰ আত্মসন্মানক লৈ প্ৰশ্ন উত্থাপন কৰা কোনো বিতৰ্ক বা বক্তব্যৰ সৈতে নিজকে জড়িত কৰিব নোৱাৰে। বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে আজিৰ পৰা হুমায়ুন কবীৰৰ দলৰ সৈতে মিত্ৰতা ৰুদ্ধ হৈ গৈছে।
এই সিদ্ধান্তক হুমায়ুন কবীৰৰ সৈতে জড়িত কথিত ‘গোপন ভিডিঅ’ বিতৰ্কৰ সৈতে জড়িত কৰা হৈছে। যদিও বিবৃতিটোত কোনো নিৰ্দিষ্ট ঘটনাৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও ৰাজনৈতিক মহলত বিশ্বাস কৰা হয় যে এই বিতৰ্কৰ ফলত দুয়োটা দলৰ মাজত ক্ৰমাৎ বিভাজনৰ সৃষ্টি হৈছিল।
মিত্ৰতা বিচ্ছেদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হুমায়ুন কবীৰে কয় যে ওৱাইছিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ স্বাধীন আৰু এই বিষয়ত তেওঁ কোনো মন্তব্য দিব নিবিচাৰে। তেওঁ কয় যে তেওঁ ওৱাইছিৰ প্ৰতি ব্যক্তিগত সন্মান ৰাখিছে আৰু থাকিব। তেওঁ লগতে উল্লেখ কৰে যে ২৫ মাৰ্চত কলকাতাত এখন যৌথ সংবাদমেলত দুয়োটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল।
হুমায়ুন কবীৰে লগতে কয় যে তেওঁৰ দলে ১৮২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰচাৰ অব্যাহত থাকিব। তেওঁৰ দলটোৱে ভাল প্ৰদৰ্শন কৰিব আৰু জনসমৰ্থন লাভ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। লগতে তেওঁ এই গোপনীয় ভিডিঅ' কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি তৈয়াৰ কৰা বুলি অভিযোগ কৰে আৰু ইয়াৰ সত্যতা প্ৰমাণ নকৰিলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি ভাবুকি দিয়ে।
মজলিছ-ই-ইত্তহাদুল মুছলিমীন (মাজলিছ-ই-ইত্তহাদুল মুছলিমীন)য়েও নিজৰ বিবৃতিত উল্লেখ কৰিছে যে পশ্চিম বংগৰ মুছলমান সম্প্ৰদায়টো দীৰ্ঘদিন ধৰি দুখীয়া, অৱহেলিত, আৰু শোষিত হৈ আহিছে আৰু তেওঁৰ দলৰ লক্ষ্য হৈছে এই সম্প্ৰদায়সমূহক এক স্বতন্ত্ৰ ৰাজনৈতিক কণ্ঠ প্ৰদান কৰা। এই কাৰণতে দলটোৱে ৰাজ্যৰ আন কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে।
উল্লেখযোগ্য যে দুয়োটা দলৰ মিত্ৰতাই ৰাজ্যখনৰ সংখ্যালঘু ভোটৰ অংশীদাৰিত্বত প্ৰভাৱ পেলাব বুলি পূৰ্বে বিশ্বাস কৰা হৈছিল। অৱশ্যে এই মিত্ৰতা ভাঙি যোৱাৰ ফলত এতিয়া নিৰ্বাচনী সমীকৰণ সলনি হ’ব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া