মাজুলী ভকতি দুৱাৰ গাৱঁৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী লাভ কৰিলে ৯৩ শতাংশ নম্বৰ
মাজুলী, ১০ এপ্ৰিল (হি.স.)। মাজুলীৰ ভকতি দুৱাৰ গাৱঁৰ প্ৰবীন খাউণ্ডৰ জীয়ৰী দেৱাশ্ৰী খাউণ্ডে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৫৩ নম্বৰ লাভেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। মাজুলীৰে শিক্ষাৰ ক্ষেত্ৰত
মাজুলী ভকতি দুৱাৰ গাৱঁৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী লাভ কৰিলে ৯৩ শতাংশ নম্বৰ


মাজুলী, ১০ এপ্ৰিল (হি.স.)। মাজুলীৰ ভকতি দুৱাৰ গাৱঁৰ প্ৰবীন খাউণ্ডৰ জীয়ৰী দেৱাশ্ৰী খাউণ্ডে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৫৩ নম্বৰ লাভেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। মাজুলীৰে শিক্ষাৰ ক্ষেত্ৰত আগৰনুৱা ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল দেৱাশ্ৰী খাউণ্ড।

দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী দেৱাশ্ৰী। দৰিদ্ৰতাৰ বাবে কোনো ঘৰুৱা টিউচনৰ সহায় লোৱা নাছিল দেৱাশ্ৰীয়ে। জীয়ৰীৰ ফলাফলত আৱেগিক পিতৃ মাতৃ। মাতৃৰ মতে টিউচন দিব পৰা হলে আৰু ভাল ৰিজাল্ট কৰিলেহেতেন মোৰ জীয়ৰীয়ে কিন্তু কোনো দিন টিউচন দিব নোৱাৰিলো । যি ফলাফল আনিলে আজি মোৰ জীয়ৰীয়ে সেইয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু নিজেই পঢ়াৰ ফলত হৈছে। লগতে কলে এখন ভাল স্কুলত পঢ়িবৰ মন মোৰ ছোৱালীৰ কিন্তু আৰ্থিক অভাৱৰ বাবে সেইয়া সম্ভৱ হৈ নুঠে যদি কোনোবা সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে সহায় কৰিবলৈ আহ্বান। জীয়ৰী এই সফলতাত আনন্দিত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লগতে শুভাকাংশী সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande