
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। লেবাননত ইজৰাইলৰ আক্ৰমণত বৃহৎ সংখ্যক অসামৰিক লোকৰ মৃত্যুক লৈ শুকুৰবাৰে ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদমেলত কয় যে ভাৰতে সদায়েই কৈ আহিছে যে সাধাৰণ নাগৰিকৰ সুৰক্ষা সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰতি ভাৰতৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক সঁহাৰি। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰা বিবৃতিত ইজৰাইলৰ কথা উল্লেখ কৰা হোৱা নাই।
তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰাটো অতি প্ৰয়োজনীয়। লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ খবৰক বিৰক্তিকৰ বুলি অভিহিত কৰি মুখপাত্ৰগৰাকীয়ে কয় যে এই ৰাষ্ট্ৰসংঘৰ সৈন্যই দেশখনত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে কাম কৰি আছে। আমাৰ স্থানীয় মিছনে তেওঁলোকৰ সুৰক্ষাৰ বাবে লেবাননত উপস্থিত ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ যোগাযোগত আছে।
উল্লেখযোগ্য যে ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতি থকাৰ পাছতো ইজৰাইলে লেবাননত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ ফলত যুদ্ধ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ