
কোকৰাঝাৰ, ১০ এপ্ৰিল (হি.স.)। কোকৰাঝাৰত নিৰ্বাচনোত্তৰ হিংসা ৷ ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাৱে সমাপ্ত হোৱাৰ পিছতে দুষ্কৃতিকাৰীয়ে কাৰিগাঁও ইউনিট এবছুৰ কাৰ্যালয়ত আক্ৰমণ চলাই কাৰ্যালয়ৰ আচবাব পত্ৰ লণ্ড - ভণ্ড কৰাৰ লগতে এবছুৰ পতাকা খুটি ভাঙি দিয়ে ৷ ঘটনাটোৱে কাৰিগাঁও অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
এবছুৰ কেন্দ্ৰীয় সভাপতি খৌৰমদাও ৱাৰীয়ে অভিযোগ কৰা মতে ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা প্ৰায় ৪০ - ৪৫ খন বাহনেৰে দুস্কৃতিকাৰীৰ দলে উত্তৰ কোকৰাঝাৰ আঞ্চলিক এবছুৰ সভাপতি বিপুল ৱাৰীক আক্ৰমণ কৰাৰ উদ্দেশ্য লৈ এবছুৰ আঞ্চলিক সভাপতি গৰাকীৰ কাৰিগঁৱৰ তাৰং স্থিত বাসগৃহ অভিমুখে ৰাওনা দি ঘেৰি ৰাখে ৷
এই সমগ্ৰ পৰিৱেশ গাঁওবাসীয়ে প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত স্থানীয় ৰাইজ আৰু দুস্কৃতিকাৰীৰ দলটোৰ মাজত বাদানুবাদৰ সৃষ্টি হয় ৷
দুষ্কৃতিকাৰীৰ দলে ছয়জন গঞা ৰাইজক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত গঞা ৰাইজেও দুষ্কৃতিকাৰীৰ কেইবাখনো চাৰি চকীয়া বাহনৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে ৷ দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত হোৱা গঞা ৰাইজ সকল হল ক্ৰমে হিৰাংগ বসুমতাৰী, খৰমছাদ বসুমতাৰী , ৰবিৰাম নাৰ্জাৰী , আমাও ৱাৰী , দানছাৰাং ব্ৰহ্ম আৰু ছানখাং বসুমতাৰী ৷
আনহাতে উক্ত ঘটনাৰ পিছতে দুষ্কৃতিকাৰীৰ দলটোৱে উক্ত গাঁওখনৰ পৰা পোনে পোনে কাৰিগাঁওস্থিত কাৰিগাঁও ইউনিট এবছু কাৰ্যালয়লৈ আহি এবছুৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে এবছুৰ পতাকা আদি বিস্তৰ ক্ষতি -সাধন কৰে ৷ এই সমগ্ৰ ঘটনাক এবছুৰ কেন্দ্ৰীয় সভাপতি খৌৰমদাও ৱাৰীয়ে কঠোৰ ভাষাৰে গৰিহণা দি প্ৰশাসনক দুস্কৃতিকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা