এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাই পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে। ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ন্যা
यशवंत वर्मा (फाइल फाेटाे)


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাই পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে।

ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ন্যায়াধীশ তদন্ত আইনৰ অধীনত লোকসভাৰ অধ্যক্ষই গঠন কৰিছে এখন তদন্ত সমিতি। লোকসভাৰ অধ্যক্ষৰ তদন্তৰ আদেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় ন্যায়াধীশ বৰ্মাই। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ন্যায়াধীশ বৰ্মাৰ আবেদন।

২০২৫ চনৰ ২২ মাৰ্চত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ তদন্তৰ বাবে তিনিজনীয়া তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছিল। তদন্ত সমিতিৰ ভিতৰত আছিল পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি. সন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি অনু শিৱৰামন। উল্লেখ্য যে ২০২৫ চনৰ ১৪ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে বৃহত পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande