

মৰিগাওঁ, ১০ এপ্ৰিল (হি.স.)। জাগীৰোডৰ গোভা পুৰণি গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল ৫৫ বছৰীয়া মাতৃৰ ৷ অসুস্থ হৈ থকাৰ বাবেই নিশাৰ আহাৰ বনোৱা নাছিল মাতৃয়ে ৷ সেই বাবেই সুৰামত্ত পুত্ৰই উপৰ্যুপৰি প্ৰহাৰ কৰিছিল মাতৃ লিচুমাই পাটৰক ৷ আৰক্ষীয়ে আটক কৰিছে মাতৃহন্তা ১৯ বছৰীয়া প্ৰকাশ পাটৰক ৷
ঘটনা সংঘটিত হৈছিল বুধবাৰে নিশা ৷ কিন্তু বৃহস্পতিবাৰে আবেলিহে আৰক্ষীক অবগত কৰিছিল পৰিয়ালৰ লোকে ৷ ইতিমধ্যে বি এন এচ ১০৩ ধাৰাৰ অধীনত ৭০/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে হত্যাকাৰী পুত্ৰ প্ৰকাশ পাটৰক ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar