
মাজুলী, ১০ এপ্ৰিল (হি.স.)। মাজুলীৰ মুদৈবিল চাৰিআলিত অঘটন। আৰক্ষীৰ বাহনে খুন্দিয়ালে এজন ব্যক্তিক । ঘটনাক কেন্দ্ৰ কৰি মুদৈবিল গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। ঘটনা সংঘটিত কৰা বাহন খন আৰু চালক জনক আবদ্ধ কৰে স্থানীয় ৰাইজে। মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত মুদুবিল চাৰিআলিত এখন আৰক্ষীৰ বাহনে এজন চাইকেল আৰোহীক খুন্দা মৰাৰ ফলত গুৰুতৰ ভাৱে আহত হয় মুদৈবিল গাঁৱৰ নৰাম ভৰালী ।
নৰাম ভৰালীৰ বয়স প্ৰায় ৬৫ বছৰ। নৰাম ভৰালী নামৰ ব্যক্তি জনৰ অৱস্থা বৰ্তমান সংকজনক। ব্যক্তিজনক আন এখন আৰক্ষীৰ বাহনে সংকট জনক অৱস্থাত লৈ গৈছে চিকিৎসাৰ বাবে। দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষী বাহন খনৰ নম্বৰ এএছ ৩০এ ০৩২৮ স্থানীয় ৰাইজৰ মতে নিচাসক্ত আছিল চালক জন। লগতে আৰক্ষীৰ গাড়ী খনৰ ইঞ্চুৰেঞ্চ আৰু পলুচনৰ ম্যাদ উকলি গৈছিল।
সাধাৰণ লোকে বাইক গাড়ী কাগজ পত্ৰ নাথাকিলে ফাইন কাতে এই খন গাড়ী ক্ষেত্ৰত কি ব্যৱস্থা লয় সেইয়া লক্ষনীয় হব। বৰ্তমান ঘটনাস্থলীত ফুলনি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ চালক জনক লৈ গৈছে আৰক্ষী চকীলৈ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ