ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ আমেৰিকাৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ; অহা মাহত ভাৰত ভ্ৰমণ কৰিব ৰুবিঅ’
ৱাশ্বিংটন, ১০ এপ্ৰিল(হি.স.)। ৱাশ্বিংটনত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰেও উপস্থিত থাকে। অহা মাহত ৰুবিঅ’ ভাৰত ভ্ৰমণৰ কথা। তিনিদিনীয়
भारतीय विदेश सचिव ने अमेरिकी विदेश मंत्री से मुलाकात की


ৱাশ্বিংটন, ১০ এপ্ৰিল(হি.স.)। ৱাশ্বিংটনত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰেও উপস্থিত থাকে। অহা মাহত ৰুবিঅ’ ভাৰত ভ্ৰমণৰ কথা।

তিনিদিনীয়া আমেৰিকা ভ্ৰমণলৈ যোৱা বিক্ৰম মিশ্ৰীয়ে হোৱাইট হাউছত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰে। এই বৈঠকৰ সন্দৰ্ভত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গৰে বিক্ৰম মিছ্ৰীক টেগ কৰি ছ'চিয়েল মিডিয়া পোষ্টত লিখিছে, মাৰ্কো ৰুবিঅ'ৰ সৈতে এক উৎপাদনশীল বৈঠক হৈছিল, বিশেষকৈ বাণিজ্য, জটিল খনিজ, প্ৰতিৰক্ষা, আৰু কোৱাডৰ বিষয়ে আলোচনা কৰিছিল। ৰুবিঅ' অহা মাহত ভাৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত।

ইয়াৰ পূৰ্বে বিক্ৰম মিশ্ৰীয়ে আমেৰিকাৰ উপ-বিদেশ সচিব ক্রিষ্টোফাৰ লাণ্ডাউৰ সৈতেও সাক্ষাৎ কৰি পাৰস্য উপসাগৰৰ পৰিস্থিতি আৰু অন্যান্য বিশ্বব্যাপী আৰু আঞ্চলিক অগ্ৰাধিকাৰৰ বিষয়সমূহৰ ওপৰত চৰ্চা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande