
মৰিগাঁও, ১০ এপ্ৰিল (হি.স.)। আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ আজান বিদ্যাপীঠ আৰু মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কঢ়িয়াই আনিলে সুনাম। আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ পৰা এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ফলাফল অনুসৰি, ৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু এজন ছাত্ৰই দ্বিতীয় বিভাগ লাভ কৰে। বিশেষকৈ ২১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰি বিদ্যালয় খনৰ সাফল্য আৰু অধিক উজ্জ্বল কৰি তোলে। আনহাতে মৈৰাবাৰী হাইস্কুলত ১৪৬ গৰাকীৰ পৰা ১১৪ গৰাকী উত্তীৰ্ণৰে প্রথম বিভাগ- ৪৩,দ্বিতীয় বিভাগ-৭২ গৰাকী উত্তীৰ্ণ হয়।
উল্লেখযোগ্য যে, প্ৰতিবছৰে বিদ্যালয় দুখনে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰি আহিছে। এই সফলতাৰ বাবে শংকৰ আজান বিদ্যাপীঠৰ অধ্যক্ষ ফৰিদ উদ্দীন আহমেদ আৰু মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিয়াজুল ইছলাম চৌধুৰীয়ে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ