
দক্ষিণ শালমাৰা মানকাচৰ, ১০ এপ্ৰিল (হি.স.): উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত দক্ষিণ শালমাৰা মানকাচৰৰ কনকলতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বৃহৎ সফলতা লাভ কৰে । দক্ষিণ শালমাৰা মেট্ৰিক পৰিক্ষাৰ কেন্দ্ৰৰ ভিতৰতে অতিকৈ ভিতৰুৱা অঞ্চলৰ ছাত্ৰী নুৰ নিলিমা সৰকাৰে সৰ্বচ্চো ৫৪৫ নম্বৰ লৈ উত্তীৰ্ণ হোৱাত অঞ্চলটোৰ গৌৰৱ কৰিয়াই অনাত বিদ্যালয়খনত আনন্দ উল্লাসেৰে ভৰি পৰিছে ৷ আজি ঘোষণা কৰা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত কনকলতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সফলতা আশাপ্ৰদ ।
ফলাফল ঘোষণাৰ পিছতে বিদ্যালয়খনত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ ২৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এজনে ডিষ্টিংচন, ৮গৰাকীয়ে প্ৰথম বিভাগ আৰু ১৪ গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু তৃতীয় স্থানত ২গৰাকীয়ে উত্তীৰ্ণ হয় । উল্লেখ্য যে বিদ্যালয় খনে এইবাৰে প্ৰথম মেট্ৰিক পৰিক্ষাত অৱতীৰ্ণ হৈ কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ সফলতা দেখুৱাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ