
গোলাঘাট, ১০ এপ্ৰিল (হি.স.): আৰ্থিক দৈন্য়তা সফলতাৰ ক্ষেত্ৰত যে হেঙাৰ হ’ব নোৱাৰে সেয়া পুনৰ প্ৰতীয়মান হ’ল আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। এই ফলাফলত আৰ্থিক দৈন্যতাৰ প্ৰাচীৰ ভাঙি উজলি উঠিবলৈ সক্ষম হ'ল খুমটাইৰ নতুন মাটি বাগিচাৰ ৰেখামণি কালেণ্ডী নামৰ মেধৱী ছাত্ৰীগৰাকী ।
মেলামৰা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰসহ ৮৪ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ছাত্ৰী গৰাকীয়ে । পিতৃ ভৰত কালেন্দীয়ে চাহ শ্ৰমিকৰ বৃত্তিৰে কোনোমতে কন্যাৰ পঢ়াৰ খৰচ বহন কৰি উৎসাহিত কৰিছিল । কন্যা ৰেখামণিয়েও পিতৃ-মাতৃক নিৰাশ নকৰি নিজৰ পৰিশ্ৰম একান্ত চিত অধ্যয়নেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল আজুৰি আনিবলৈ সক্ষম হ'ল । তেওঁৰ সাফল্যত আজি পিতৃ-মাতৃৰ চকুৰে নিগৰিছে আনন্দৰ অশ্ৰু । ভাৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰখা ৰেখামণিক এতিয়া প্ৰয়োজন সুহৃদয়বান লোক তথা চৰকাৰৰ কিছু সহায়ৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ