৯৫.৬ শতাংশ নম্বৰৰেৰে দৰঙৰ ধূলালৈ সু নাম কঢ়িয়াই আনিলে খাটনিয়াপাৰা গাঁৱৰ বায়েছুৰ আহমেদে
৯৫.৬ শতাংশ নম্বৰৰেৰে দৰঙৰ ধূলালৈ সু নাম কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰই।
৯৫.৬ শতাংশ নম্বৰৰেৰে দৰঙৰ ধূলালৈ সু নাম কঢ়িয়াই আনিলে খাটনিয়াপাৰা গাঁৱৰ বায়েছুৰ আহমেদে


দৰং, ১০ এপ্ৰিল (হি.স.): সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰং জিলাৰ ধূলা অঞ্চললৈ তথা জিলা খনলৈ সু নাম কঢ়িয়াই আনিলে ধূলাৰ খাটনিয়াপাৰা গাঁৱৰ বায়েছুৰ আহমেদ নামৰ ছাত্ৰ জনে। ছাত্ৰ জনে মঙলদৈ ৭নং ৱাৰ্ডৰ নৰ্থ ইষ্ট একাডেমীত অধ্যয়ন কৰিছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৭৪ নম্বৰৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ জনে । ছাত্ৰ গৰাকীৰ পিতৃ নাম ছিবাৰুদ্দিন আহমেদ আৰু মাতৃৰ নাম বেগমা খাতুন। পৰীক্ষাত দেখুওৱা কৃতিত্বৰ বাবে ছাত্ৰ জনৰ বাসগৃহত ধূলা প্ৰেছ ক্লাৱৰ বিষয় ববীয়া উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভাল ফলাফলৰ আঁৰত থকা প্ৰতিজন লোকক ধন্যবাদ জনাই ছাত্ৰ জনৰ লগতে পিতৃ মাতৃয়ে। ছাত্ৰ জনে ভৱিষ্যতে চিকৎসক হোৱাৰ সপোন দেখিছে আৰু অনাগত সময়ত ভালদৰে অধ্যয়ন কৰিব বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande