
গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে শুকুৰবাৰে ঘোষণা কৰা ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছোৱালীতকৈ ল'ৰাৰ উত্তীৰ্ণৰ শতকৰা হাৰ অধিক। এই পৰীক্ষাত ২৪৮,৩২৫ গৰাকী ছোৱালী আৰু ১৯০,২৩৯ গৰাকী ল’ৰাকে ধৰি মুঠ ৪৩৮,৫৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছিল। ইয়াৰে ৪২৯,২৪৯গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ ভিতৰত ২৪২,৭৮১গৰাকী ছাত্ৰী আৰু ১৮৬,৪৬৮ গৰাকী ছাত্ৰ আছিল।
ফলাফলৰ ক্ষেত্ৰত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৬৭.৭৮ শতাংশ, যিটো ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬ শতাংশতকৈ বেছি। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ত পৰীক্ষাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ আছিল ৬৫.৬২ শতাংশ। এই পৰীক্ষাত মুঠ ২ লাখ ৮১ হাজাৰ ৭০১ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হয়। ইয়াৰে ১২৬,৩৯৮জন ল’ৰা আৰু ১,৫৫,৩০৩ জনী ছোৱালী৷
বিভাগ অনুসৰি ৪৪,৮৬১ গৰাকী ছোৱালীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ৪০,৩২৮ গৰাকী ল’ৰাই দ্বিতীয় স্থান লাভ কৰে। দ্বিতীয় বিভাগত ৮৩,৬০৮ গৰাকী ছোৱালী আৰু ৬৬,৫৫৯ গৰাকী ল’ৰা উত্তীৰ্ণ হোৱাৰ বিপৰীতে তৃতীয় বিভাগত ২৬,৮৩৪ গৰাকী ছোৱালী আৰু ১৯,৫১১ গৰাকী ল’ৰা উত্তীৰ্ণ হয়। পৰীক্ষাত অনুপস্থিত আছিল ৯,৩১৫ গৰাকী ছাত্ৰ-ছাত্ৰী। তদুপৰি, নকল বা অন্যায় উপায় ব্যৱহাৰ কৰাৰ বাবে ৫ জন ছাত্ৰ-ছাত্ৰীৰ ফলাফল ৰখাৰ লগতে ১৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা হয়।
প্ৰতি বছৰে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে কাম কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ