
গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ ফলাফল আজি শুকুৰবাৰে ঘোষণা কৰা হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ হৈছে ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (এএছএছইবি)-এ প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল।
উল্লেখ্য যে প্ৰথম বাৰলৈ ছেবাৰ সলনি এএছএছইবিয়ে অনুষ্ঠিত কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫,১৮৯গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,১৬৭গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৬,৩৪৫ গৰাকী শিক্ষাৰ্থী।
ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ ৩টা স্থানত উজলিল চাৰিগৰাকী মেধাৱী ছাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ তিনিটা স্থানত উজলিল চাৰিগৰাকী মেধাৱী ছাত্ৰ। প্রথম স্থানত অধিষ্ঠিত হয় বজালীৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাস। দ্বিতীয় স্থানত বিশ্বনাথৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা, তৃতীয় স্থানত উজলি উঠিছে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ এইচ এচ স্কুলৰ জিয়া ফাৰাহ ইছলাম আৰু চতুৰ্থ স্থান অৰ্জন কৰে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিত আখটাৰ।
উল্লেখ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬লৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ চেবা (SEBA)ৰ পৰিৱৰ্তে এএছএছইবি (ASSEB)ৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ২০২৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৯০,২৪৩গৰাকী ছাত্ৰ আৰু ২,৪৮,৩২২গৰাকী ছাত্ৰী।
উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ১৬টাকৈ ৱেবছাইট উপলভ্য হৈছে। এই ৱেবছাইট সমূহ হ'ল -
https://sebaonline.org, www.iresults.net, www.indiaresults.com, www.iresults.in, https://results.digilocker.gov.in, www.results.shiksha, www.fastresults.in https://www.ndtv.com,www.assam.shiksha, www.schools9.com, www.assamresult.in, আৰু www.assamjobalerts.com.
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া