
বৰপেটা, ১০ এপ্ৰিল (হি.স.)। দৰিদ্ৰতাই কেতিয়াও শিক্ষাৰ হেঙাৰ হব নোৱাৰে। তাকে প্ৰমাণ কৰি দেখুৱালে বজালী মৰ্কা এটি দুখীয়া পৰিয়ালৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ বজালীৰ মৰ্কাৰ সন্তান জ্যোতিৰ্ময় দাসৰ। জ্যোতিৰ্ময় দাসৰ ঘৰত উৎসব মুখৰ পৰিৱেশ।
দৰিদ্ৰতাক আওকাণ কৰি ছাত্ৰ গৰাকীয়ে কৰি গৈছিল অধ্যয়ন । জ্যোতিৰ্ময় দাসে অধ্যয়ন কৰা পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনতো উৎসৱমুখৰ পৰিৱেশ। জ্যোতিৰ্ময় দাসৰ বাসগৃহত উপস্থিত বজালী জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ দল। বজালী জিলা প্ৰশাসনৰ পৰা উষ্ম আদৰণি জ্যোতিৰ্ময় দাসক। পিতৃ পাঠশালাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত। অতি সাধাৰণ পৰিয়ালৰ ছাত্ৰ গৰাকীৰ এনে সফলতাই আনন্দিত কৰি তুলিছে সমগ্ৰ গাঁওবাসীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ