
বৰপেটা, ১০ এপ্ৰিল (হি.স.)। বৰপেটা ৰোডত ৰন্ধন গেছৰ নাটনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। সাৰথী গেছ এজেন্সিৰ সম্মুখত উত্তপ্ত পৰিস্থিতি। হেজাৰ হেজাৰ গ্ৰাহকে শাৰী পাতিও পোৱা নাই গেছ চিলিণ্ডাৰ। আজি পুৱা ৪টা বজাৰ পৰা শাৰী পাতিও এটা চিলিণ্ডাৰ নোপোৱাত ক্ষুব্ধ গ্ৰাহক। গেছ এজেন্সি কতৃপক্ষই গ্ৰাহকৰ সৈতে দূৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
জেষ্ঠ নাগৰিকৰ বাবে নাই কোনো বিশেষ ব্যৱস্থা। আনকি শাৰীৰিক ভাৱে অক্ষম গ্ৰাহকৰ বাবেও কোনো সুবিধা প্ৰদান কৰা নাই এজেঞ্চিৰ পৰা।ফলত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিহৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ