
মাজুলী, ১০ এপ্ৰিল (হি.স.)। মাজুলীত চাঞ্চল্য। মাজুলীত উদ্ধাৰ এটা জিপিএছ মেচিন সংলগ্ন শগুণ ৷ নামনি মাজুলীৰ আকাশত উৰি আছিল এই আজৱ শগুণটো । ইয়াৰ পাছতেই পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে শগুণটো । নামনি মাজুলীৰ কৰতিপাৰ গাও পঞ্চায়তৰ অন্তৰ্গত বিষ্ণু দেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত উদ্ধাৰ কৰে শগুণতো ।
উদ্ধাৰ হোৱা শগুণটোত জিপিএছ আৰু কেমেৰা সদৃশ মেচিন সংযুক্ত হৈ থকাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ শেষত স্থানীয় ৰাইজে প্ৰশাসন তথা বন বিভাগত গতাই দিয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ