
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে কয় যে জ্ঞানক সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে দক্ষ কৰ্মশক্তি আৰু নিৰন্তৰ গৱেষণাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।
নিৰ্মাণ উদ্যোগ উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত ১৭ সংখ্যক চিআইডিচি বিশ্বকৰ্মা বঁটা আৰু প্ৰদৰ্শনী ‘উন্নত ভাৰত ২০৪৭’ত ভাষণ প্ৰদান কৰি গাডকাৰীয়ে কয় যে, “বিশ্ব পৰ্যায়ত ভাৰতৰ সুনাম বৃদ্ধিৰ বাবে আপোচবিহীন গুণগত মান নিশ্চিত কৰা আৰু নিৰ্মাণ খণ্ডত চৰ্টকাট এৰাই চলাটো গুৰুত্বপূৰ্ণ।”
তেওঁ কয় যে আন্তঃগাঁথনিৰ উন্নতিৰ বাবে তৎকালীন সিদ্ধান্ত লোৱা, এটা ভাল প্ৰকল্প পৰিকল্পনা থকা, আৰু কামৰ মানদণ্ডৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। তদুপৰি নতুন প্ৰযুক্তি গ্ৰহণ আৰু কৰ্ম পদ্ধতি উন্নত কৰিলে প্ৰকল্পৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব পাৰে। আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ ভূমি অধিগ্ৰহণ আৰু প্ৰয়োজনীয় অনুমোদনসমূহ আগতীয়াকৈ সমাধান কৰিব লাগে, কিয়নো পূৰ্বৰ পলম আৰু প্ৰশাসনিক বাধাই প্ৰকল্পৰ সময়সীমা আৰু ঠিকাদাৰৰ বাজেটত যথেষ্ট প্ৰভাৱ পেলাইছে।
তেওঁ কয় যে প্ৰকল্পৰ অগ্ৰাধিকাৰ কেৱল কম খৰচতে নহয়, গুণগত মান আৰু কাম-কাজৰ ওপৰতো অগ্ৰাধিকাৰ দিব লাগে। আমি জৈৱ ইন্ধন আৰু অন্যান্য বিকল্প ইন্ধন গ্ৰহণ কৰা উচিত। ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস পোৱাই নহয় খৰচো হ্ৰাস পাব। পথ নিৰ্মাণত প্লাষ্টিকৰ আৱৰ্জনা আৰু পুৰণি টায়াৰ ব্যৱহাৰ কৰিব লাগে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতীয় আন্তঃগাঁথনি কোম্পানীসমূহে ডুবাই, কাটাৰ, আৰু আফ্ৰিকাৰ কেইবাখনো দেশত বৃহৎ প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰি বিশ্বজুৰি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে।
অনুষ্ঠানত গডকাৰীয়ে বিজয়ীসকলক ১৭ সংখ্যক চিআইডিচি বিশ্বকৰ্মা বঁটা প্ৰদান কৰি নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডত গুণগত মান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
हिन्दुस्थान समाचार